হাথসৰত গণধৰ্ষণৰ বলি যুৱতীৰ মৃত্যু, পৰিয়ালক কোঠাত আবদ্ধ কৰি নিশাই আৰক্ষীয়ে কৰিলে অন্তিম সংস্কাৰ…

66

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ বলি হোৱা দলিত সম্প্ৰদায়ৰ যুৱতীগৰাকীৰ মৃত্যুৱে দেশজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ১৪ ছেপ্তেম্বৰৰ পোহনীয়া জন্তুৰ বাবে খাদ্য আনিবলৈ যোৱাৰ সময়ত উচ্চ সম্প্ৰদায়ৰ ৪ পাষণ্ড যুৱকে ১৯ বৰ্ষীয় যুৱতীগৰাকীক বলাৎকাৰ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল। তাৰ পিছতে যুৱতীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় যদিও এই ঘটনাৰ ৯ দিনৰ অন্তত অৱশেষত দিল্লীৰ ছফদৰজং হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে মঙলবাৰে নিশাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিৰ্যাতিতা যুৱতীগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰাক লৈও এতিয়া আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে আত্মীয় তথা পৰিয়ালে। অভিযোগ অনুসৰি, যুৱতীগৰাকীৰ শৱদেহ বিচাৰি পৰিয়ালৰ লোকে অনুৰোধ জনোৱাৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে পৰিয়ালৰ লোকক ঘৰৰ ভিতৰত বন্ধ কৰি থৈ নিশাৰ অন্ধকাৰত শেষকৃত্য সম্পন্ন কৰে।

আৰক্ষীৰ এই কাণ্ডৰ বিৰুদ্ধে যেতিয়া নিৰ্যাতিতাৰ ভাতৃয়ে প্ৰতিবাদ কৰে, তেতিয়া নিৰ্যাতিতাৰ ভাতৃকো আৰক্ষীয়ে এখন ক’লা স্ক’ৰপিঅ’ত বহুৱাই ক’ৰবালৈ লৈ যোৱা বুলি অভিযোগ কৰে পৰিয়ালে। আৰক্ষীৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে হাথসৰ বাসীয়েও।

আনহাতে নিৰ্যাতিতা যুৱতীগৰাকীৰ মৃত্যুৰ পূৰ্বে তেওঁখ বলাৎকাৰ কৰা পাষণ্ড কেইজনৰ নাম আৰক্ষীৰ আগত উল্লেখ কৰিছিল। তাৰ ভিত্তিতেই আৰক্ষীয়ে ইতিমধ্যে সন্দীপ, ৰামু, লৱকুশ আৰু ৰৱি নামৰ ৪ পাষণ্ডক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। বলীউডৰ কেইবাগৰাকীও অভিনেত্ৰী, মহিলা সুৰক্ষা পৰিষদ আদিৰ লগতে বিভিন্নজনে এতিয়া দোষীৰ বিৰুদ্ধে দীঘলীয়া আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে চিধাই ফাঁচীকাঠত ওলমাব লাগে বুলি মন্তব্য কৰিছে।