হাতীৰ গছকত শিশুৰ মৃত্যু

71

দেওবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছুত হাতীৰ গছকত প্ৰাণ হেৰুৱায় এটি শিশুৱে।

বাতৰি অনুসৰি কাবন ৰংফাৰ্পি নামৰ এগৰাকী মহিলাই তেওঁৰ ডেৰ বছৰীয়া কন্যা উমজালিন ইংটিৰ সৈতে তেওঁৰ বাসগৃহৰ সন্মুখত ঘাঁহ কাটি আছিল।

সেই সময়তে এটা হাতীয়ে মাতৃ-কন্যাক আক্ৰমণ কৰাত কাবন ৰংফাৰ্পি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, আৰু তেওঁৰ জীয়েক উমজালিনৰ ঘটনাস্থলীতে মৃত্যু হয়।

লক্ষণীয়ভাৱে, আঘাতপ্ৰাপ্ত কাবন ৰংফাৰ্পীক বৈঠালাংছুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা চলাই থকা হৈছে।