হাজোৰ কোঁৱৰপুৰ বালাত ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল এগৰাকী কিশোৰী। জানিব পৰা মতে গাঁওখনৰ চাইফত আলী নামৰ এজন লম্পট বৃদ্ধই একে গাওঁৰে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ ওপৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলায়।
কিন্তু সেই সময়তে কিশোৰীগৰাকীৰ মাতৃ ঘৰত উপস্থিত হৈ লম্পট বৃদ্ধজনক কৰায়ত্ত কৰাৰ চেষ্টা কৰে যদিও চেগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় নৰাধমজন।
ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে শুকুৰবাৰে নিশা অভিযুক্ত চাইফত আলীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে হাজো আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে চাইফতক।
