হাজোত দিন দুপৰতে চুৰি কৰিবলৈ আহি আটক ছাগলী চোৰ…

112

দিন দুপৰতে ছাগলী চুৰি কৰিবলৈ আহি হাজোত স্থানীয় ৰাইজৰ হাতত বন্দী হ’ল দুটা ছাগলী চোৰ। হাজোৰ আন্ধুপাৰাত পথৰ দাঁতিত এৰাল দি থোৱা তিনিটা ছাগলী টেম্প’ত ভৰাই থকাৰ সময়তো স্থানীয় ৰাইজে গাড়ীসহ চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰ দুটা ক্ৰমে বৰ্ণিৰ আব্দুল আলীৰ পুত্ৰ আখতাৰ হুছেইন (৩০) আৰু লালবাহাদুৰ আলীৰ পুত্ৰ ছফিকুল আলী (২৮) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, হাজোৰ আন্ধুপাৰাত পথৰ দাঁতিত এৰাল দি থোৱা আছিল ছাইফুল ইছলাম নামৰ লোকজনৰ তিনিটা ছাগলী। দিনৰ প্ৰায় ১১ বজাত এ এছ-১৪চি/৬৪৮৭ নম্বৰৰ টেম্প’ খনেৰে আন্ধুপাৰাৰ দিশৰ পৰা আহি ছাগলী কেইটাৰ ওচৰত ৰয় দুই চোৰ। তাৰ পিছত এৰাল খুলি ছাগলী কেইটা টেম্প’ত ভৰাবলৈ লওঁতেই স্থানীয় ৰাইজে দুই চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৰাইজে ছাগলী চোৰক উত্তম মাধ্যম শোধাই শেষত টেম্প’সহ দুই চোৰক হাজো আৰক্ষীৰ হাতত চমজাই দিয়ে।