হাজো সংহত শিশু বিকাশ প্ৰকল্পৰ ৯ নং চক্ৰৰ সৌজ্যনত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

259

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ শনিয়াদী পঞ্চায়তৰ কাৰ্যলয়ত অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অন্তৰ্গত হাজো সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত ৯ নং চক্ৰৰ সৌজ্যনত ৰাষ্ট্ৰীয় পোষন মাহ ২০২২ ” উদযাপন কৰা হ’য়। সেই অনুসৰি মূখ্য সেৱিকা চাৰ্য ঠাকুৰীয়াই আঁত ধৰা এখনি সজাগতা সভা সম্পণ্ণ কৰা হ’য়।সভাত শিশু-কিশোৰী সকলৰ বিকাশৰ ক্ষেত্ৰত লব লগা যতন, পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলা, আইৰন সেৱন,প্ৰেৰণ সেৱা ,এনিমিয়া ৰোধ কৰা,আদি বিভিণ্ণ বিষয়ৰ ওপৰত গৰ্ভৱতী শিশু প্ৰসূতি মাতৃসকলক সজাগ কৰাৰ উদ্দেশ্যে সাৰুৱা বক্তব্য দাঙি ধৰে হাজো সংহত শিশু উণ্ণয়ন প্ৰকল্প বিষয়া ড° নছিউৰ ৰহমানে।তদুপৰি সভাত,বাটৰ নাট,শোভাযাত্ৰা,পোষন মেলা আদিওঁ প্ৰদৰ্শন কৰা হৈছে।
সজাগতামূলক সভাখনত মূখ্য সেৱিকা চাৰ্য ঠাকুৰীয়া,টি কবিতা দেৱী,ডা°নয়ন মোহন,বিজেপি উত্তৰ কামৰূপ জিলা সংখ্যা লঘু মৰ্চাৰ সভাপতি জাকিৰ হুছেইন,শনিয়াদী পঞ্চায়তৰ গাওঁবুঢ়া বাপধন আলী,সমাজকৰ্মী তাহেৰ আলী,মুচাউদ্দিন আহমেদকে প্ৰমূখ্যে সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনস্থ দলৈটোলা,বৰ্নি,শনিয়াদী,নতুন
ৰামদিয়া,সস্তাৰ আদি গাওঁৰ ৩৪ টা অংগনবাড়ী কেন্দ্ৰৰ প্ৰায় শতাধিক কৰ্মী সহায়িকা,আশাকৰ্মী তথা অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।