বিহুৰ পাছতেই এইবাৰ হাজাৰ হাজাৰ যুৱক- যুৱতীয়ে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃৃত্য। অসমৰ ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। এডভান্টেজ অসম ২.০ ৰ কাৰ্যসূচীৰ সময়ত এই হাজাৰ হাজাৰ কলা-কুশলীয়ে এই নৃত্য প্ৰদৰ্শন কৰিব।দেওবাৰে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটীত এডভান্টেস অসম ২.০ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই সময়চোৱাত এই সন্মিলনলৈ দেশী- বিদেশী বিনিয়োগকাৰীৰ আগমন ঘটিব আৰু সেই সময়তে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ নৃত্য।ইয়াৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ, এল এ চি, জিলা ভিত্তিত কাৰ্যসূচী, গুৱাহাটীলৈ অনাকে ধৰি সকলো ব্যৱস্থা কৰা হ’ব। অৱশ্যে এতিয়াও ইয়াৰ বাবে দিন ঠিক কৰা হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ২৪-২৫ তাৰিখৰ কোনোবা এটা দিনত এই নৃত্য প্ৰদৰ্শন কৰা হ’ব। শৰ্মাই কয় যে, ইয়াৰ জৰিয়তে দেশী- বিদেশী বিনিয়োগকাৰীসকলে অসমৰ বাৰেৰহনীয় সংস্কৃতিৰ এক আভাস দেখিবলৈ পাব।