চাকৰি নিয়মীয়াকৰণৰ লগতে অন্যান্য দাবীৰে মহানগৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হাজাৰ হাজাৰ টেট শিক্ষকৰ আন্দোলনক অনাকাংক্ষিত, অনাহুত আৰু অপ্ৰয়োজনীয় আখ্যা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। এই প্ৰতিবাদক নসাৎ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ঠিকাভিত্তিক টেট শিক্ষকৰ ৬০ বছৰলৈ চাকৰিৰ নিশ্চিত প্ৰদান কৰা হৈছে। লগতে নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে। এতিয়া তেওঁলোকে যি দাবী কৰিছে যে নিয়মীয়াকৰণ কৰিব লাগে। এয়া কেনেধৰণৰ দাবী।
পেগুৱে কয়, ”মৰগীয়া বানচৰ সমস্যাটো সমাধানৰ বাবেও কথা পতা হৈছে। কালিৰ দিনটোত মই নিজে আলোচনাত বহিছো, তাৰ পিছত এই প্ৰতিবাদ কিয় নাজানো। তেওঁলোকৰ এই প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত, অপ্ৰয়োজনীয়।’’
শিক্ষা মন্ত্ৰীয়ে কয়, ‘‘আপোনালোকে এটকাও নিদিয়াকৈ, কাকো এখন তামোল নুখুওৱাকৈ চাকৰি পাইছিল, এতিয়া আপোনালোকৰ সমহাৰৰ বেতন, ডিএ যি পাবলগা আছে এইখিনিও এটকাও নিদিয়াকৈ, আন্দোলনৰ নামত এহেজাৰ টকা নিদিয়াকৈ পাব। কেইটামান দিন ধৈৰ্য ধৰিব লাগিব।’’
