অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰিক্ষাত উৰ্ত্তীণ
হোৱা ছাত্ৰ ছাত্ৰী সকললৈ অভিনন্দন জ্ঞাপন কৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু বৰপেটাৰ প্ৰাক্তন সাংসদ তথা আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী চিৰাজুদ্দিন আজমলে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃতিত সাংসদ বদৰুদ্দিন আজমলে সফলতাৰে সকলো উৰ্ত্তিন ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱক আৰু শিক্ষাগুৰু সকললৈ ধন্যবাদ জ্ঞাপন কৰে ৷ তদুপৰি সংসদ আজমলে ভৱিশ্যতে সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰী সকলে শৈক্ষীক দিশত আৰু আগুৱাই নিজৰ লগতে দেশ জাতিৰ নাম উজলাব বুলি তেওঁ ব আশা ব্যক্ত কৰি পুনৰ সকলো ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰে ৷
