হাইলাকান্দিত ৮ টন বাৰ্মিজ চুপাৰিসহ গ্ৰেপ্তাৰ ১১ জন

101

দেওবাৰে নিশা অভিযান চলাই হাইলাকান্দি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিসহ ১২ জন লোকক আটক কৰিবলৈ সক্ষম হয়। পৃথকে পৃথকে জিলাখনৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত আৰক্ষীয়ে মুঠ ৮ টন বাৰ্মিজ চুপাৰি জব্দ কৰে। জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য ৪০ লাখ টকাৰো অধিক হব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

কাৰিছেড়া পেট্ৰ’ল পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুদৰ্শন ভাৰতীৰ নেতৃত্বত পেট্ৰ’লিং চলি থকা সময়ত স্থানীয় কুকিছেড়া এলেকাত ধলেশ্বৰী নৈৰ পৰা আৰক্ষীয়ে ৩৬ বেগ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। বাৰ্মিজ চুপাৰি সৰবৰাহৰে জড়িত থকাৰ সন্দেহত ৩ জন নাৱৰীয়াকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইফালে, কাটলিছেড়া থানাধীন কাঠলতলী এলেকাৰ পৰা জব্দ হয় আন ৬৪ বেগ বাৰ্মিজ চুপাৰিসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৯ জন নাৱৰীয়াক।

উল্লেখ্য যে, অসম-মিজোৰামৰ সীমা বিবাদক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত থকা বানিজ্যিক সম্পৰ্কত প্ৰভাৱ পৰাৰ পৰিপ্ৰেক্ষিতত বাৰ্মিজ চুপাৰিৰ ক’লা ব্যৱসায়ৰে জড়িত ব্যৱসায়ীসকলে নৈ পথৰে মিজোৰামৰ হৈ ম্যানমাৰৰ পৰা বাৰ্মিজ চুপাৰি সৰবৰাহ আৰম্ভ কৰিছে।