ৰাজ্যত আন এক মৰ্মান্তিক দুৰ্ঘটনা।
পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দা মাৰি বাগৰি পৰিল এখন অল্টো বাহন।
দুৰ্ঘটনাত কৰুণ মৃত্যু এজন যুৱকৰ।
হাইলাকান্দিৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৈয়দবন্দ এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম আজিম উদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, তীব্ৰবেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দা মাৰে অল্টো খনে।
দুৰ্ঘটনাৰ পিছত স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
