সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

116

ষ্টাফৰিপৰ্টাৰ, ১৬ জুন :: ১০জুনত ৬৫নং মালয়বাৰী গাও পঞ্চায়তৰ কাৰ্য্যলয়ত , সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মালয়বাৰীত থকা ৪খন শিক্ষানুষ্ঠানৰ পৰা সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনাবলৈ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উক্ত সম্বৰ্ধনা অনুস্থানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ প্ৰাক্তন অধিক্ষক অভিযন্তা তথা ভাৰতীয় জনতা পাৰ্টীৰ অনুসুচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি প্ৰমোদ জ্যোতি দাস আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা অভিযন্তা সিদ্ধাৰ্থ শঙ্কৰ দাস দেৱক উপৰোক্ত সভাখনিত ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যত উচ্ছ শিক্ষা সম্পৰ্কীয় বিভিন্ন দিশত তেওলোকক উৎসাহ, অনুপ্ৰেৰনা, মনোবল যোগাবলৈ, বিশিষ্ট সমল ব্যাক্তি হিচাবে নিমন্ত্ৰন কৰিছিল। এই সভাখনিত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক সম্বোধন কৰি দিয়া ভাষনত মাননীয় প্ৰমোদ জ্যোতি দাস দেৱে ছাত্ৰ ছাত্ৰী সকলক বৰ্তমান পৰিস্থিতিৰ লগত সংগ্ৰাম কৰি কেনে ধৰনেৰে নিজৰ গন্তব্যস্থানত অৱস্থান কৰি সমাজত নিজকে এজন সফল ব্যাক্তি হিচাবে প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব।তাৰ এক বিশদ বৰ্ণনাৰে ছাত্ৰ ছাত্ৰী সকলক আবেদন জনায়। লগতে অভিভাৱকৰ আৰ্থিক অৱস্থাৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত কিধৰনেৰে নিজকে সমস্যাৰ সমান্তৰালভাৱে চলিব পৰাকৈ প্ৰস্তুত কৰিব লাগিব তাৰো এক সুন্দৰ পৰিকল্পনা দাঙি ধৰে।
সভাত ছাত্ৰ ছাত্ৰী সকলক একোখন ফুলাম গামোচা, ছেনিটাইজাৰ, মাস্ক আৰু কিছু আৰ্থিক সাহাৰ্যৰে প্ৰত্যেক জন ছাত্ৰ ছাত্ৰীকে অভিনন্দন জনোৱা হয়। সভাত অন্তিম কাৰ্যসূচী হিচাবে মালয়বাৰী পঞ্চায়তৰ সভাপতি মাননীয় পৱিত্ৰ কুমাৰ দাস দেৱে উপস্থিত সকলোলৈ শলাগৰ শৰাই আগবঢ়াই।