সৰ্বানন্দ সোণোৱালক আন এক গুৰু দায়িত্ব মোডী চৰকাৰৰ

140

মোডী মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী চমুকৈ চিচিপিএত অন্তৰ্ভূক্ত কৰা হৈছে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সোমবাৰে কমিটীৰ পুনৰ গঠনৰ পিছত সৰ্বানন্দ সোণোৱালক এই গুৰু দায়িত্ব অৰ্পণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱালৰ লগতে চিচিপিএত এইবাৰ অন্তৰ্ভূক্ত কৰা হৈছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং। আটাইকেইগৰাকী মন্ত্ৰীয়েই প্ৰথমবাৰৰ বাবে এই গুৰুত্বপূৰ্ণ দায়িত্বভাৰ লাভ কৰিছে।

ইফালে আইন মন্ত্ৰী কিৰেণ ৰিজিজু, ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জূন মুণ্ডাকো এই কমিটীত স্থান দিয়া হৈছে। পূৰ্বে এই কমিটীখনত ৰবিশংকৰ প্ৰসাদ আৰু প্ৰকাশ জাবড়েকাৰৰ দৰে জ্যেষ্ঠ মন্ত্ৰীয়ে স্থান লাভ কৰিছিল যদিও এইবাৰ স্থান লাভ কৰা আটাইকেইগৰাকীয়ে হৈছে যুৱ মন্ত্ৰী। ইফালে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো বিনিয়োগ আৰু বিকাশ বিভাগৰ কেবিনেট কমিটীত স্থান দিয়া হৈছে এইবাৰ।