সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰবিষয়া এজন চোৰ!

321

সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰবিষয়া এজন চোৰ । চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ দলৰ ।
বানপীড়িতৰ বাবে আৱণ্টিত সাহায্য সামগ্ৰীৰ ব্যাপক খেলিমেলি হৈছে ।
অসহায় বানাক্ৰান্তৰ বাবে অহা সামগ্ৰী সৰ্থেবাৰী ৰাজহ চক্ৰৰ মণ্ডলৰ ঘৰত জব্দ কৰিছে ৰাইজৰ দলৰ কৰ্মীয়ে।
আনকি ইয়াৰ বাবেই সৰ্থেবাৰী ৰাজহ চক্ৰৰ মণ্ডল অজিত ডেকা আৰু কান্তেশ্বৰ ডেকাক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰো কৰিছে ।
ৰাইজৰ দলৰ সৰুক্ষেত্ৰী সমষ্টিয়ে অভিযোগ কৰিছে যে বানাক্ৰান্তৰ সাহায্য বিতৰণত যথেষ্ট অনিয়ম সংঘটিত হৈছে আৰু এই অনিয়ম সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিৱ কোঁৱৰৰ জ্ঞাতসাৰে হৈছে ।
ৰাইজৰ দলৰ নেতাই দাবী কৰিছে এই অনিয়মত চক্ৰবিষয়া গৰাকীও জড়িত ।
চৰকাৰে সৰ্থেবাৰীৰ বন্যাৰ্তসকলৰ বাবে মিঠাতেল আৱণ্টন দিছিল যদিও চক্ৰবিষয়া গৰাকীৰ হেমাহিৰ বাবে বন্যাৰ্তই মিঠাতেল নোপোৱা বুলি ৰাইজৰ দলে চক্ৰবিষয়া গৰাকীৰ বিপক্ষে ক্ষোভ উজাৰে।
সেয়েহে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ দলে চক্ৰবিষয়াগৰাকী গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।
অন্যথা দলে আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়নী প্ৰদান কৰে ।