সৰুক্ষেত্ৰীৰ সাংগঠনিক সভাত কমল মেধি: নামনি অসমত শক্তিশালী হব ৰাইজৰ দল

60

বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত শনিবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ এখন বৃহৎ সভা। দলৰ এই সভাত কংগ্ৰেছৰ পৰা ৰাইজৰ দলত যোগ দিয়া কমল কুমাৰ মেধি, জেৰিফা ৱাহিদ, হুছেইন মহম্মদ ছাহজাহান, প্ৰভাত বৈষ্ণৱৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে। এই সভাতে দলৰ সৰুক্ষেত্ৰী সমষ্টি সমিতিখনো গঠন কৰা হয়।

সভাত ভাষণ প্ৰদান কৰি কমল কুমাৰ মেধিয়ে কয় যে নামনি অসমত ৰাইজৰ দলে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ আৰু এআইইউডিএফে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা মুছলমান ভোটাৰ খিনি এতিয়া কংগ্ৰেছ-এআইইউডিএফৰ লগত নাই। সেই কথা বিটিছিৰ নিৰ্বাচনেই প্ৰমাণ কৰিছে। ২০২১ৰ নিৰ্বাচনত ৰাইজৰ দলে নামনি অসমৰ অধিকাংশ সমষ্টিত জয়ী হব বুলিও দাবী কৰে কমল কুমাৰ মেধিয়ে।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি জাতীয় দল–সংগঠনৰ পৃষ্ঠপোষকতাত গঠন হোৱা ৰাইজৰ দলৰ ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত জাতীয় অভিৱৰ্তনৰ পূৰ্বেই অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব বুলিও আশা প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে৷ অহা ৭ জানুৱাৰীৰ পূৰ্বেই অখিল গগৈ জে’লৰ পৰা মুকলি হ’ব বুলি আশা প্ৰকাশ কৰি মেধিয়ে কয় যে অসমীয়া জাতিৰ স্বাধিকাৰ আৰু স্বাভিমান ৰক্ষাৰ ৰাজনৈতিক যুঁজৰ নেতৃত্ব লোৱাৰ বাবে অতি সোনকালেই অখিল গগৈ জে’লৰ পৰা মুকলি হৈ আহিব।

ইপিনে, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ অসম জাতীয় পৰিষদত যোগদানৰ পিছত সমষ্টিটোৰ পৰা কমল কুমাৰ মেধিয়ে নে পবিন্দ্ৰ ডেকাই নিৰ্বাচনত অৱতীৰ্ণ হব, তাক লৈ চলা জল্পনা কল্পনা সন্দৰ্ভত কমল কুমাৰ মেধিয়ে স্পষ্ট কৰি দি কয় যে সকলো সংগঠন আৰু আঞ্চলিক শক্তি একত্ৰিত হৈ এনে সৰু সুৰা বাধা দূৰ কৰিব পৰা যাব।
ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হ’বলগা অধিৱেশনতে দলে কিমান সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, কোন কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সম্পৰ্কে দলে সকলো ৰূপৰেখা প্ৰস্তুত কৰিব বুলিও সদৰি কৰে মেধিয়ে।

আনফালে ৰাইজৰ দলত যোগদান সন্দৰ্ভত অভিনেত্ৰী জেৰিফা ৱাহিদে কয় যে তেওঁ কোনো নেতা হোৱাৰ লক্ষ্যৰে বা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে ৰাইজৰ দলত যোগ দিয়া নাই। প্ৰকৃত অঞ্চলিকতাবাদত বিশ্বাস কৰি প্ৰগতিৰ পথত অসমক আগুৱাই নিয়াৰ বাবেই তেওঁ কাম কৰি যাব বুলিও মন্তব্য কৰে জেৰিফা ৱাহিদে।