ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল : গুৱাহাটীৰ নাৰেংগী কৈলাস নগৰ নিবাসী সৰবৰহী মহিলা বীণাপাণি দেৱীৰ সোমবাৰে গৰু বিহুৰ দিনা পুৱা ৭.৪০ বজাত ৭৩ বছৰত মৃত্যু হয়। জটিল ৰোগত আক্ৰান্ত হোৱাৰ ,২৩ টা দিন পাচতেই তেওঁৰ মৃত্যু হয়। নলবাৰীৰ নিজ বাহজানী গাঁৱৰ সংস্কৃতৰ পণ্ডিত ৰঘুনাথ শৰ্মা আৰু দ্ৰৌপদী দেৱীৰ জ্যেষ্ঠা কন্যা বীণাপানী দেৱীয়ে বিবাহ সূত্ৰে নলবাৰীৰ গোৱালপাৰা গাঁৱৰ বাসিন্দা হয়। সকলোকে সহজে আপোন কৰি ল’ব পৰা গুণৰ বাবে তেওঁ সকলোৰে প্ৰিয়পাত্ৰী আছিল। বিগত তিনি বছৰে পুত্ৰৰ গৃহ নাৰেংগীত আছিল। ইয়াত থকা কালতো তেওঁ স্থানীয় সমাজ আৰু নামঘৰৰ অভিন্ন অংগ হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ পাই ওচৰ চুবুৰীয়া সকলোৱে ঘৰলৈ আহি শ্ৰদ্ধা নিবেদন কৰে। নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। স্বামী পঞ্চানন ভাগৱতী আৰু পুত্ৰ যতীন ভাগৱতীকে ধৰি তিনি জী জোৱাই, দেৱৰ জাকে ধৰি ৫ ভতিজী আৰু ভতিজা জোৱাই,এজন ভতিজাসহ নাতি আৰু নাতিনীক তেওঁ এৰি থৈ যায়।
Latest article
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
জিয়াওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...
ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয় ছিজনৰ বাবে মুকলি হ’ল ৰাইডাৰৰ পঞ্জীয়ন
ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ...
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বহাগ বিহু
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব'হাগ বিহু। ব'হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ...