স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ

62

সমগ্ৰ ৰাজ্যত এ পি ডি চি এল ৰ আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে,এ পি ডি চি এল ৰ আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিলক্ষিত হৈছে। কি সাধাৰণ ৰাইজ, কি দল-সংগঠন,কি বিৰোধী দল,সকলোৱে ৰাজপথলৈ ওলাই আহি এই মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এক মুখে প্ৰত্যাহাৰ দাবী জনাইছে। তাৰ সমান্তৰাল ভাৱে
অনিয়মীয়া বিদ্যুৎ যোগান ,স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া শাখা সমিতি আৰু মাকুম শাখা সমিতিৰ যৌথ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়া বিদ্যুৎ উপ সমণ্ডল কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে । উৎকট গৰমকো নেওচি শতাধিক প্ৰতিবাদ কাৰীৰ অংশগ্ৰহনেৰে ৰাজ্যিক শক্তি মন্ত্ৰী মূর্দাবাদ ,অসম চৰকাৰ হায় হায়,স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়টোৰ চৌপাশ । প্ৰতিবাদ কাৰী সকলে অতি শীঘ্ৰেই চৰকাৰে জনসাধাৰণৰ হিতৰ কথা চিন্তা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ব্যৱস্থা নকৰিলে ইয়াতকৈও ভয়াৱহ ভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।