স্বৰ্ণজয়ী নীৰজ চোপ্ৰালৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা মণিপুৰ চৰকাৰৰ

105

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিক-২০২০ত ভাৰতক প্ৰথমটো স্বৰ্ণ পদকৰ সোৱাদ দিয়া ভাৰতীয় এথলিট নীজৰ চোপ্ৰালৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইটযোগে সদৰী কৰে এই কথা।

উল্লেখ্য যে, শনিবাৰে টকিঅ’ অলিম্পিকৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল নীৰজ চোপ্ৰাই। ২০২০ বৰ্ষৰ অলিম্পিকত ভাৰতৰ বাবে এয়াই হৈছে প্ৰথমটো স্বৰ্ণ জয়। নীৰজ চোপ্ৰাৰ সফলতাত সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ উঠিছে। তাৰ মাজতে মণিপুৰ চৰকাৰে এথলিট গৰাকীলৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰি এথলিট গৰাকীক উৎসাহ যোগাইছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইটযোগে কয়, ‘এয়া এক ঐতিহাসিক দিন। টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত স্বৰ্ণ লাভ কৰা নীৰজ চোপ্ৰাক ১ কোটি টকা পুৰস্কাৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে মণিপুৰ কেবিনেটে। এই স্বৰ্ণ জয়ৰ বাবে তেওঁলৈ অভিনন্দন…।’