স্বৰ্ণ পদক লাভ কৰি টকিঅ’ ২০০ মিটাৰ শাখাত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা দাস

113

স্বৰ্ণ পদক লাভ কৰিও মাত্ৰ ০.০৮ চেকেণ্ডৰ বাবে ২০০ মিটাৰ শাখাত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হল ধিং এক্সপ্ৰেছ হিমা দাস। ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথ্‌লেটিক্স চেম্পিয়নশ্বিপত ২০০ মিটাৰ দৌৰ শাখাত মাত্ৰ ২২.৮৮ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি স্বৰ্ণ পদক জয় কৰিবলৈ হিমা সক্ষম হলেও সেয়া যেন যথেষ্ট নাছিল অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে। কাৰণ টকিঅ’ অলিম্পিকলৈ এই শাখাত যোগ্যতা অৰ্জনৰ বাবে হিমান ২২.৮০ চেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিছিল দৌৰ।

আনহাতে ৪০০মি. ৰিলে ৰেচতো হিমাই লাভ কৰে স্বৰ্ণ পদক। চাৰি জনীয়া দলটোক ৰিলে সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হয় ৪৩.৩৭ চেকেণ্ড। উল্লেখ্য যে হিমাৰ হাতত ১×৪০০ মি. দৌৰ শেষ সুযোগ হিচাপে আছে অলিম্পিকলৈ যোগ্যতা অর্জন কৰাত।