“স্বৰ্গজ্যোতি ইভেন্টছ”ৰ ৰাষ্ট্ৰীয় ভিত্তিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

87

গুৱাহাটী:- মহানগৰীৰ সমাজ উন্নয়নমূলক অনুষ্ঠান স্বৰ্গজ্যোতি ইভেন্টছ-এ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুস্থিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয় ৷

৪ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনলাইনযোগে মুঠ চাৰিটা শাখাত নতুন প্ৰজন্মৰ মাজত অনুষ্ঠিত কৰা “চিত্ৰকৰ—চেলিব্ৰেটিং ফ্ৰীডম” শীৰ্ষক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফলাফল অনুষ্ঠানটোৰ মুখপাত্ৰ ধ্ৰুৱজ্যোতি বৰুৱাই ঘোষণা কৰে৷

অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চাৰিওটা শাখাত প্ৰায় ৭০০ৰো অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ প্ৰতিযোগিতাৰ জুৰি তথা বিচাৰক মণ্ডলীয়ে নিৰ্বাচিত কৰা শ্ৰেষ্ঠ ১৩ গৰাকী প্ৰতিযোগী হ’ল ক্ৰমে ক শাখাত(৪-৮ বছৰ) প্ৰথম বাস্তৱ দাস(অসম), দ্বিতীয় আৰধ্যা সৃষ্টি(ঝাৰখণ্ড), তৃতীয় সুখমন কৌৰ(উত্তৰ প্ৰদেশ), খ শাখাত(৯-১৩ বছৰ) প্ৰথম আদৰ্শ ডুবে(দিল্লী), দ্বিতীয় পৃথিকা দে'(ঝাৰখণ্ড), তৃতীয় স্বগতিকা জিনা(উৰিষ্যা), গ শাখাত(১৪-১৮ বছৰ) প্ৰথম মুচকান কৌৰ(ঝাৰখণ্ড), দ্বিতীয় বহ্নিশিখা আগৰৱাল(উত্তৰ প্ৰদেশ), তৃতীয় গোপানী বৃষ্টি বিজয় কুমাৰ(গুজৰাট), ঘ শাখাত(১৯-৩৫ বছৰ) প্ৰথম পুৰুষোত্তম পাৱাৰ(মহাৰাষ্ট্ৰ), দ্বিতীয় যুটীয়াভাৱে ক্ৰমে সৌৰভশ্ৰী কানুনগো(উৰিষ্যা) আৰু স্বৰূপ পাত্ৰ(পশ্চিমবঙ্গ), তৃতীয় টিংকু বিশ্বাস(অসম) ৷

উল্লেখ্য যে, ক’ৰোনাৰ এই ভয়ানক পৰিস্থিতিৰ মাজতো অংশগ্ৰহণকাৰীসকলৰ উদ্যম আদি আছিল এই প্ৰতিযোগিতাৰ অতি আশাপ্ৰদ দিশ ৷ মুখপাত্ৰ ধ্ৰুৱজ্যোতি বৰুৱা তথা প্ৰতিযোগিতাৰ সমন্বয়ক মণিকুন্তলা ভূঞাই জনায় যে বিজয়ীসকলক পুৰস্কাৰসমূহ ডাকযোগে প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে মানপত্ৰসমূহ স্বৰ্গজ্যোতি ইভেন্টছৰ ৱেবচাইট www.swargojyotievents.com ৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৷