স্বেচ্ছাসেৱী সংগঠন “ফেচ ইণ্ডিয়াৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ”

87

ষ্টাফৰিপোৰ্টাৰ, ২৩ এপ্ৰিল : কৰ’না ভাইৰাছৰ সংক্ৰমনৰ ফলত দেশ তথা ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বেচ্ছাসেৱী সংগঠন ফেচ ইণ্ডিয়াৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীৰ দহ মাইলত শতাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। এছ এফ এছ স্কুল আৰু এছ এফ এছ ছ’চাইটিৰ সহযোগত
অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে ২৮ মাৰ্চৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে স্বেচ্ছাসেৱী সংগঠন ফেচ ইণ্ডিয়াৰ মহিলা সমন্বয়ক ছায়া কলিতাই এক বিবৃতি যোগে কয় ” আমি গুৱাহাটীৰ বিভিন্ন স্থান বিশেষকৈ পাথৰকুবেৰী, নাৰেংগী, সাতগাঁৱ, আমচিং, যোৰাবাট, গীতামন্দিৰ, বোন্দা, ৰেলগেট, পানীখাইতিৰ বিভিন্ন গাঁৱ, জি এম চি এইচৰ বিভিন্ন ঠাই, ফৰেষ্ট গেট, অইল ইণ্ডিয়া ৰ লগতে গুৱাহাটীৰ বাহিৰত বিশেষকৈ ধেমাজি, অসমৰ বাহিৰত পশ্চিমবঙ্গ আদিতো থকা দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ। আমি মুঠ ৩২ দিনত চাৰে তিনি হাজাৰ দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ। লকডাউন নোখোলালৈকে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব।”