ষ্টাফৰিপোৰ্টাৰ, ১৬ এপ্ৰিল : কৰ’না ভাইৰাছৰ সংক্ৰমনৰ ফলত দেশ তথা ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বেচ্ছাসেৱী সংগঠন ফেচ ইণ্ডিয়া ছলেছ ইন টাইম অৱ নিডৰ উদ্যোগত আৰু ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ সহযোগত সমাজৰ আৰ্ত জনক সহায়ৰ হাত আগবঢ়াই আহিছে। ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ নেতৃত্বত ২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া, বিশেষ ভাৱে সক্ষম, পথৰ দাঁতিত থকা ৰোগাক্ৰান্ত সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰি অহা হৈছে। বৃহস্পতিবাৰেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ লগতে বৰাচাৰ্ভিছ, উলুবাৰী, পল্টনবজাৰ, ভৰলু আদি মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা দুখীয়া লোকৰ মাজত দুপৰীয়াৰ আহাৰ যোগান ধৰা হয়। তেওঁ প্ৰতিদিনে প্ৰায় দেৰ শতাধিক লোকক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে বুলি কয়। আনহাতে বৃহস্পতিবাৰে ৰাজগড় বিহু তলীত স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা মহানগীৰত কৰ্মৰত ৫০ গৰাকী সাংবাদিকৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। এই সম্পৰ্কে স্বেচ্ছাসেৱী সংগঠনৰটোৰ কাৰ্যবাহী সঞ্চালক ডঃ চার্জি জৰ্জে (Dr.Sarji George) কয় ” আমি মূলত মহিলা সৱলীকৰণ, শিশুৰ বিকাশ, যুৱ প্ৰজন্মৰ বিকাশ আৰু সমাজৰ দুখীয়া লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াই আহিছোঁ। এতিয়ালৈকে আমি ২২০০ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ। সাংবাদিক সকলেও কৰ’না ভাইৰাছৰ আতংকৰ সময়ত নিষ্ঠাৰে কাম কৰা বাবে তেওঁলোকক উৎসাহিত কৰিবলৈ আমি আজি এই প্ৰচেষ্টা হাতত লৈছোঁ।”
