স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল:

78

ষ্টাফ ৰিপোৰ্টাৰ : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সন্ধিয়া গুৱাহাটীৰ এন এইছ এম কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে কোৱা কথাখিনি তলত উল্লেখ কৰা হ’ল

  • কাইলৈ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাজ্যত সান্ধ্য আইন ঘোষণা।

√ কাইলৈ পৰা সকলো ব্যক্তিগত চিকিৎসালয় খোলা হ’ব।

√ সকলো দোকান পোহাৰ, কাৰ্যালয় ৫ বজাত বন্ধ কৰিব লাগিব।

√ ৰাজ্যত বন্ধ থাকিব বজাৰ, শ্বপিং মল, চিনেমা হ’ল, জিম, থিয়েটাৰ, বিৱাহ হল।

√ দুচকীয়া বাহনত মহিলা অাৰু ১২ বছৰ তলৰ শিশুহে যাব পাৰিব। চাৰিচকীয়া গাড়ীত চালকে কেৱল দুজনহে নিব পাৰিব।

√ ৫০ শতাংশ বনুৱাহে নিয়োগ কৰিব পাৰিব নিৰ্মাণ কাৰ্যত।

√ সোমবাৰৰ পৰা চৰকাৰী আৰু বেচৰকাৰী অফিচত ৫০% কৰ্মচাৰীৰে খুলিব পাৰিব।

√ ৫ বছৰৰ তলৰ শিশু থকা মহিলা চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানলৈ অহাত বাধা।

√ চাহ, আইচ ক্ৰীম আদি বিপনি গ্ৰীণ জনত খুলিব কিন্ত তাত ৰৈ খাব নোৱাৰিব।

√ স্বাস্থ্য সেৱাৰ লগত জড়িত থকা বিপনি বা প্ৰতিষ্ঠান কেৱল গধূলি ৫ বজালৈ খোলা থাকিব।

√ কিতাপৰ দোকান খোলা থাকিব।

√ অৰেঞ্জ জনত ঔষধৰ বিপনি, জৰুৰী সেৱা আৰু শাক-পাচলি আৰু গেলামালৰ দোকানহে খোলা থাকিব।

√ অৰেঞ্জ জনৰ ভিতৰত কোনো গাড়ী যাব নোৱাৰিব আৰু গলে ওলাই আহিব নোৱাৰিব।

√ গাড়ীৰ শ্বৰূম খুলিব পাৰিব কিন্তু বিভিন্ন সৰঞ্জামৰ দোকানৰ ক্ষেত্ৰত ১ তৃতীয়াংশহে খুলিব পাৰিব।

√ মাজুলী আৰু উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা চলাচলৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব

√ যিবোৰ দোকান খুলিব তাত দোকানৰ স্বত্বাধিকাৰীয়ে যোগান ধৰিব লাগিব মাস্ক। মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

√ ৬৫ বছৰীয়া ব্যক্তি আৰু ১২ বছৰৰ তলৰ শিশু ঘৰৰ পৰা আহিব নোৱাৰিব। যিসকল অসুস্থ ব্যক্তি যাৰ বছৰ ৬৫ তেওঁলোক স্বাস্থ্য পৰীক্ষাৰ বাবে আহিব পাৰিব।

√ এ এছ টি চিৰ অনুমতি অবিহনে বাছ চলাব নোৱাৰিব,কিন্তু ৫০%যাত্ৰীহে নিব লাগিব | ৰেড আৰু অ’ৰেঞ্জ জ’নত বাছ নচলে |

√ ফাৰ্মাচী সমূহ সকলো সময়তে খোলাৰ অনুমতি দিছে |

√ বঙাইগাও, ধুবুৰী, মৰিগাও, গোৱালপাৰা জিলাত এই শিথিলতা নাথাকে |

√ সকলো পৰিস্থিতিত মাক্স ব্যবহাৰ কৰাতো বাধ্যতামূলক।