নিউজ ডেস্ক, জুলাই ২০ : চাৰিটা দিনে জলমগ্ন হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিছে যদিও শংকা আঁতৰা নাই বন্যজীৱকুলৰ ৷ কিয়নো এতিয়াও ৰাষ্ট্ৰীয় উদ্যানখনত ৪৫ টা বন শিৱিৰ এলেকা বৰ্তমানেও হৈ আছে জলমগ্ন ৷উল্লেখযোগ্য যে ইয়াৰ ভিতৰত ১৮ টা বন শিবিৰ কহঁৰা বনাঞ্চলৰ ৷এতিয়াও ৪২ ৰ পৰা ৫০ শতাংশ জলমগ্ন হৈ আছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেচে প্ৰকাশ কৰা মতে বানৰ সময়ত অধিকাংশ বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ড সমূহত আশ্ৰয় লৈ আছে ৷