স্বাধীনোত্তৰ কালৰে পৰা মেৰামতি নোহোৱা এটা পথ

96

স্বাধীনোত্তৰ কালৰে পৰা মেৰামতি নোহোৱাৰ অভিযোগ টিপকাই – মতিঝোৰা সংযোগী পথ ।
পথছোৱা পুনৰ নিৰ্মাণৰ দাবীত সহজ সৰল গঞা ৰাইজে পথৰ ওপৰতে নামিল প্ৰতিবাদত ।
ন’ৰোড ন’ভোট, অসম চৰকাৰ হায় হায়, আমাক ৰাস্তা লাগে আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ শ পুৰুষ মহিলাই ।
বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী তথা বিটিচি’ৰ বগৰীবাৰীৰ অন্তৰ্গত দৈবাৰী অঞ্চলত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে উক্ত পথছোৱাই ।
পথছোৱাৰে নিতৌ যাতায়ত কৰিব লাগে বেংডবা, মতিঝোৰা, হৰকম, হাতীখাল, শিলাইমাতা আদি ৫/৭ খন গাঁৱৰ জনসাধাৰণে । জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা পথটোৰে অঞ্চলটো লৈ নাহে সৰু বৰ কোনো বাহন, নাহে এম্বুলেন্স ।
সেয়ে অঞ্চলটোৰ ৰাইজে জটিল ৰোগত আক্ৰান্ত ৰোগীক এইদৰে ঠেলাগাড়ীৰে নিব লগা হৈছে চিকিৎসালয়লৈ।
সেয়ে অতি শীঘ্ৰে এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মান ব্যৱস্থা নকৰিলে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰিব বুলি সকিয়াই দিয়ে ।
ইয়াৰ পিছতো উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰ খনৰ সু দৃষ্টি পৰিবনে এই দুৰ্গম পাহাৰীয়া অঞ্চলটোলৈ সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব ।