স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা

104

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা দিৱস উদযাপনত কেতবোৰ বিধি বান্ধি দিছে অসম চৰকাৰে।

অসম চৰকাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৰাজ্যিক পৰ্যায়ত মুকলি স্থানত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সৰ্বাধিক ১৫০০ লোকৰ উপস্থিতিত অনুমতি প্ৰদান কৰা হৈছে।

সেইদৰে জিলা পৰ্য্যায়ত সৰ্বাধিক ৫০০ জন আৰু ছাব ডিভিজন পৰ্য্যায়ত সৰ্বাধিক ৩০০ জন ব্যক্তিহে উপস্থিত থাকিব পাৰিব বুলি নিৰ্দেশনাযোগে অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।