স্বাধীনতা দিৱসত ছাঁটাৰগাওঁত জে চি আই গুৱাহাটীৰ উদ্যোগত খাদ্য সামগ্রী বিতৰণ

50

গুৱাহাটী:- অগ্ৰণী অনা চৰকাৰী সংস্থা জে চি আই গুৱাহাটীৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ কাষৰীয়া জনজাতীয় অঞ্চল হিচাপে পৰিচিত ছাঁটাৰগাঁওত তাৰ বাসিন্দা সকলক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে স্বাধীনতা দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে ৰংমন টুৰিজিম ছ’চাইটি আৰু পাৰিজাত একাডেমিৰ সহযোগত ছাটাৰগাওঁ প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জে চি আইৰ গুৱাহাটীৰ সভাপতি নিশান্ত পাহাৰীয়াই । বিদ্যালয়ৰ প্ৰধান শিক্ষক নন্দ কুমাৰ নাৰজাৰীকে ধৰি ছাত্র-ছাত্ৰী, অঞ্চলটোৰ ৰাইজৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত জে চি আইৰ মাণ্ডলিক সভাপতি ৰাজেশ গাংগৱাল, অধ্যক্ষ নেহা গুপ্তাকে ধৰি কেইবাজনো কৰ্মকর্তা, পাৰিজাত অকাডেমিৰ অধ্যক্ষ উৎপল টেৰণ, ৰংমন টুৰিজিম ছচাইটিৰ কৰ্মকর্তাদ্বয় প্ৰমোদ কলিতা আৰু কন্দৰ্প বড়ো, ছাঁটাৰগাওঁৰ গাঁওবুঢ়া পদ্দু ৰাভা, প্ৰাক্তন গাওঁবুঢ়া শুক্লেশ্বৰ ৰাভাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

ইয়াৰ উপৰি অনুষ্ঠানত অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত চাউল, দাইল, আলু, পিয়াঁজ, মিঠাতেল, নিমখ, চেনী, মুৰী, বিস্কুটকে ধৰি খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰা হয়। তেনেদৰে সংগঠনটোৱে কোভিড যুদ্ধৰ যুঁজাৰু হিচাপে কর্তব্যৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক সকলক গামোছাৰে সম্বৰ্ধনা জনায়।