স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ২ ছাত্ৰৰ, আহত ডজনৰো অধিক

66

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাৰ ছৈদাবাদ অঞ্চলত শনিবাৰে পুৱা ৭৫টা শিশু কঢ়িয়াই অনা এখন বাছ বাগৰি যোৱাৰ ফলত দুগৰাকী বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে এক ডজনৰো অধিক ছাত্ৰ আহত হয়।

জানিব পৰা মতে, বাছ চালকজনে এখন বাইকত দুজন লোকক বচাবলৈ চেষ্টা কৰি গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল।

গুৰুতৰভাৱে আহত একাংশ ছাত্ৰ-ছাত্ৰীক এছ আৰ এন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।