সোমবাৰে বিয়লি চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰি অঞ্চলত চলি থকা অৱস্থাত হঠাতে এখন মহিন্দ্ৰা জীতো বাহন জুইত জাহ যায়।
প্ৰাথমিক তথ্য অনুসৰি গাড়ীখন, কাকতিবাৰীত মাছ নমাই আনি সোণাৰি অভিমুখে গৈ থকা অৱস্থাত হঠাতে গাড়ীখন বন্ধ হৈ যোৱাৰ পিছত চালকে পুনৰ ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰাত অগ্নিকাণ্ড সংঘটিত হয়।
এই অগ্নিকাণ্ডত এ এছ-৩৩-চি-০৪৮৬ নম্বৰৰ মহিন্দ্ৰা জীতো গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি যায়।
ইফালে, অগ্নিকাণ্ডৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
