সুৰ্য চিমেণ্ট আৰু মৈথান ষ্টীলে আয়োজন কৰিলে “হাঁসি-খুশী ৰোগ প্ৰতিৰোধক ক্ষমতা শিবিৰ

65

ষ্টাফৰিপ’ৰ্টাৰ,মৈথান গ্ৰুপৰ অধীনৰ এক ধজ্বাবাহী ফ্লেগশ্বিপ ব্ৰেণ্ড উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উদ্যোগ সুুৰ্য চিমেণ্ট আৰু ভৱন নিৰ্মাণ উদ্যোগ মৈথান ষ্টীল টিএমটি বাৰে যুটীয়াভাৱে “হাঁসি- খুশী ইমিউনিটী” শীৰ্ষক এক মহজোৰা শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰটো ক’ভিড-১৯ ৰ সাৱধানতা আৰু সজাগতা শিবিৰৰ অংশ স্বৰূপে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত জনসাধাৰণ স্বাস্থ্যৱান হৈ থকাৰ তথা ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। হাঁসি-খুশী ইমিউনিটীৰ জৰিয়তে জীৱনটো সুখী কৰি তোলাৰ ধাৰণাক উজ্জীৱিত কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দীঘলীয়া ক’ভিড-১৯ লকডাউনে দেশত অৰ্থনীতিৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য সম্বন্ধীয় অনিশ্চয়তাৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত অসহজ পৰিস্থিতিৰ সৃষ্টি কৰিছে। উদ্বেগ অৱস্থাই ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস কৰে বুলি অধ্যয়নত প্ৰকাশ পাইছে। সমাজে ঐক্যবদ্ধভাৱে আৰু সমূহিক শক্তিৰ সহায়ত প্ৰত্যাহ্বানমূলক সময়ক মোকাবিলা কৰিবলৈ সক্ষম বুলি সুৰ্য চিমেণ্ট আৰু মৈথান ষ্টীলে বিশ্বাস কৰে। এই যুটীয়া শিবিৰৰ দ্বাৰা গ্ৰাহক আৰু ব্যৱসায়ী অংশীদাৰৰ মাজত “সুখী কাণ্টেণ্ট সৃষ্টি” কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত মৈথান ষ্টীল আৰু পাৱাৰ এণ্ড পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক মধুৰ আগৰৱালাই কয়”-আমি আমাৰ ষ্টেকহ’ল্ডাৰ, সহযোগী, আৰু সমাজক সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ এক নিয়মীয়া আৰু নিৰৱচ্ছিন্ন অভিযান প্ৰণয়ন কৰিছোঁ”। উল্লেখযোগ্য যে, এই অভিযানৰ সময়ছোৱাত সুৰ্য চিমেণ্ট আৰু মৈথান ষ্টীল টিএমটি বাৰে ডীলাৰ আৰু গুৰুত্বপূৰ্ণ গ্ৰাহক সকলক ক’ভিড যোদ্ধোৰ কিট প্ৰদান কৰিব।এই কিটত থাকিব ফে’চ মাস্ক, মুখৰ আৱৰণ, ছেনিটাইজাৰ, গ্ল’ভছ, আৰু অন্যান্য প্ৰতিৰোধাত্মক কীট।