সুৰাপান কৰি আৰক্ষীৰ বাহন চালকক আক্ৰমণ OC ৰাজেশ্বৰ গগৈৰ, কৰা হ’ল ৰিজাৰ্ভ ক্ল’জ

121

সুৰাৰ ৰাগীত আৰক্ষীৰ বাহন চালকক আক্ৰমণ এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ ঘিলাধাৰীত।

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখতে গুৰুলাগুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ বাহন চালক পাপু সোণোৱালক।

সুৰাসক্ত হৈ এই আক্ৰমণ চলায় ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে।

আনহাতে পাপু সোণোৱালক চোঁচৰাই নি লকআপৰ ভিতৰতো ভৰাই থয় আৰক্ষী বিষয়াজনে।

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অভিযুক্ত আৰক্ষী বিষয়াজনক।