সুৰ সলনি সঞ্জয় ৰাউটৰঃ ক’লে- মোডী দেশ আৰু বিজেপিৰ শ্ৰেষ্ঠ নেতা

73

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে সুৰ সলনি হোৱা দেখা গৈছে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ। সাংবাদিকৰ সন্মুখত সঞ্জয় ৰাউটে বৃহস্পতিবাৰে মোডীৰ প্ৰশংসা কৰি তেওঁৰ দেশ আৰু বিজেপিৰ শ্ৰেষ্ঠ নেতা বুলি অভিহিত কৰে।

দৰাচলতে কিছুদিন পূৰ্বে শেহতীয়াকৈ অনুষ্ঠিত হবলগীয়া উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত স্থানীয় নেতাক অগ্ৰাধিকাৰ দিয়া হব বুলি প্ৰকাশ কৰিছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। আৰএছএছৰ এই সিদ্ধান্তই মোডীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাটোকে বুজাইছে নেকি বুলি আজি সঞ্জয় ৰাউটক প্ৰশ্ন কৰিছিল সাংবাদিকে। সেই প্ৰশ্নৰে উত্তৰ দিবলৈ গৈ সঞ্জয় ৰাউটে কয়, ‘এই বিষয়ে মই কোনো টিপ্পনী কৰিব নিবিচাৰো। কাৰণ মই সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সম্পৰ্কে অৱগত নহয়। কিন্তু যোৱা ৭টা বৰ্ষত বিজেপিৰ সফলতাৰ কৃতিত্ব মোডীয়েই লাভ কৰা উচিত। তেওঁ বৰ্তমান দেশ আৰু বিজেপিৰ এগৰাকী শ্ৰেষ্ঠ নেতা।’

তেওঁ লগতে কয় যে শিৱসেনাই সদায় এই মান্যতা দি আহিছে যে এগৰাকী প্ৰধানমন্ত্ৰী কেৱল এটা দলৰেই নহয়, তেওঁ সমগ্ৰ দেশৰেই প্ৰধানমন্ত্ৰী। কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰধানমন্ত্ৰী মোডীয়ে অংশ লব নালাগে বুলিও মন্তব্য কৰে শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।