সুশান্তৰ মৃত্যু বিহ পান কৰা বাবে হোৱা নাইঃ CBIক প্ৰতিবেদন AIIMSৰ চিকিৎসক পেনেলৰ

80

ডিজিটেল ডেস্কঃ বলীউডৰ ৩৪ বৰ্ষীয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডৰ তদন্ত অব্যাহত আছে। অভিনেত্ৰী তথা সুশান্তৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পৰিয়ালে উত্থাপন কৰা হত্যাৰ অভিযোগ সন্দৰ্ভতো তদন্ত চলোৱা হৈছে। ইফালে সুশান্তৰ মৃত্যুৰ পিছত তেওঁক বিহ দি হত্যা কৰা হোৱা বুলি পৰিয়াল তথা আত্মীয়ই উত্থাপন কৰা অভিযোগ খাৰিজ কৰিছে সুশান্তৰ মৰোণত্তৰ পৰীক্ষাৰ তদন্ত কৰা দিল্লীৰ এইমছৰ চিকিৎসকৰ পেনেলে।

এইমছৰ চিকিৎসকৰ পেনেলে চিবিআইক অৰ্পণ কৰা প্ৰতিবেদনত সুশান্তৰ মৃত্যু বিহ পান কৰাৰ বাবে হোৱা নাই বুলি উল্লেখ কৰা হৈছে। এক সূত্ৰই সদৰী কৰা মতে, এইমছৰ চিকিৎসকৰ পেনেলে সুশান্তৰ মৰোণত্তৰ পৰীক্ষাৰ পুনৰীক্ষণ কৰাৰ অন্তত এই সিদ্ধান্তত উপনীত হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৪ জুনত মুম্বাইৰ নিজা এপাৰ্টমেণ্টৰ পৰা সন্দেহজনক অৱস্থাত সুশান্তৰ মৃতদেহ উদ্ধাৰ হৈছিল। মুম্বাই আৰক্ষীয়ে প্ৰাথমিক তদন্তত সুশান্তে আত্মহত্যা কৰা বুলি দাবী কৰিলেও পৰৱৰ্তী সময়ত বিহাৰ চৰকাৰৰ দাবী আৰু সুশান্তৰ পৰিয়াল আৰু অনুৰাগীৰ দাবীত সুশান্তৰ মৃত্যুকাণ্ডৰ তদন্ত চিবিআইক অৰ্পণ কৰা হয়।