ডিজিটেল ডেস্ক:- অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডক লৈ মুম্বাই আৰক্ষীয়ে এটা ভুল পথেৰে তদন্ত চলাই নিছে। -এই দাবী সুশান্ত সিং ৰাজপুতৰ পিতৃৰ অধিবক্তা বিকাশ সিঙৰ। অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘মই সদায় কৈ আহিছো যে মুম্বাই আৰক্ষী বাহিনী দেশৰ ভিতৰতে আটাইতকৈ পেছাদাৰী আৰক্ষী বাহিনী। কিন্তু সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত মুম্বাই আৰক্ষীয়ে ভুল পথেৰে আগবাঢ়িছে। সেয়ে তেওঁৰ পৰিয়ালে পাটনা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ বাধ্য হৈছে।’
আনহাতে অভিনেতাগৰাকীৰ মৃত্যুকাণ্ডৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত অধিবক্তা অজয় আগৰৱালে দাখিল কৰা এখন ৰাজহুৱা আবেদনৰ শুনানি অহা ২১ আগষ্টলৈ স্থগিত ৰাখে ন্যায়ালয়ে। ন্যায়ালয়ত দাখিল কৰা আবেদনখনত কোৱা হয় যে অভিনেতাগৰাকীৰ মৃত্যুকাণ্ডৰ তদন্ত মুম্বাই আৰক্ষীয়ে অব্যাহত ৰখা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত হৈছে।
উল্লেখ্য যে, যোৱা ২৪ জুনত মুম্বাইৰ নিজা এপাৰ্টমেন্টত অভিনেতা সুশান্ত সিঙৰ মৃতদেহ উদ্ধাৰ হৈছিল। মুম্বাই আৰক্ষীয়ে প্ৰাথমিক তদন্তত অভিনেতাগৰাকীয়ে হতাশাজনিত কাৰণত আত্মহত্যা কৰা বুলি দাবী কৰিলেও পৰৱৰ্তী সময়ত লাভ কৰা বিভিন্ন তথ্যই এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড সেই প্ৰশ্ন অধিক জটিল হৈ পৰিছে।