সুদীৰ্ঘ এমাহৰ অন্তত জামিনত মুক্তিলাভ নিলম্বিত এছআই জোনমণি ৰাভাৰ

292

এমহাৰো অধিক কাল কাৰাগাৰত বন্দী জীৱন পাৰ কৰাৰ পিছত অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হ’ল নিলম্বিত এছ আই জোনমণি ৰাভাই।

যোৱা ৪ জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত থকা জোনমণি ৰাভাক শুকুৰবাৰে জামিনত মুক্তি প্ৰদান কৰে মাজুলীৰ সত্ৰ ন্যায়াধীশৰ আদালতে।

উল্লেখ্য যে, জোনমণি ৰাভাৰ বিৰুদ্ধে ভাৱীস্বামী ৰানা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছিল।

তাৰ পিছতে মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নিলম্বিত এছ আই জোনমণি ৰাভাক।