সুখবৰঃ ৰাজ্যত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ

87

গুৱাহাটীঃ ৰাজ্যত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যানুসৰি, দেওবাৰৰ দিনটোত ৰাজ্যত ৭৮৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। ইফালে এই সময়ছোৱাত ১৫ জন কোভিড ৰোগীৰ মৃত্যু ঘটে।

উল্লেখ্য যে, বিগত দীৰ্ঘ সময়ৰ পিছত ৰাজ্যত একেৰাহে দুদিন সংক্ৰমিত ৰোগীৰ সংখ্যা এহেজাৰ জনৰ নিম্নলৈ আহিছে। দেওবাৰে মুঠ সংক্ৰমিত কোভিড ৰোগাৰ ১০৭ জন কামৰূপ মহানগৰত, ৭২ জন গোলাঘাটত, ৫০ জন লখিমপুৰত আৰু ৪৯ জন নলবাৰীত সৰ্বাধিক আক্ৰান্ত হয়।

স্বাস্থ্য বিভাগৰ তথ্য মতে, অসমত দেওবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৪৪৯ জন কোভিড ৰোগী। বৰ্তমানেও চিকিৎসা চলি থকা কোভিড ৰোগীৰ সংখ্যা হৈছে ১১২৯৫ জন।