সীমান্তত চোৰাংকৈ গৰু সৰবৰাহৰ চেষ্টা চলোৱা বাংলাদেশী নাগৰিকক গুলীয়াই হত্যা BSFৰ

99

সীমান্ত সুৰক্ষা বাহিনীয়ে দেওবাৰে পুৱা মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্তত এজন বাংলাদেশী নাগৰিকক গুলীয়াই হত্যা কৰে।

বাতৰি অনুসৰি, বাঁহৰ ক্ৰেইনৰ সহায়ত বাংলাদেশলৈ গৰু চোৰাং কৈ অনাৰ চেষ্টা কৰি থকা অৱস্থাত লোকজনক গুলীয়াই হত্যা কৰা হয়।

ফৰিদুল ইছলাম নামৰ মৃতব্য ক্তিজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰীৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।

দেওবাৰে পুৱা বিএছএফৰ জোৱানসকলে লক্ষ্য কৰিছিল যে কেইজনমান লোকে সীমান্তৰ বেৰৰ ওপৰেৰে বাঁহৰ ক্ৰেইনৰ সহায়ত গৰু চোৰাং কৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আছে।

সোধা-পোছা কৰাৰ পিছত, গৰু সৰবৰাহকাৰী কেইজনে পলায়নৰ চেষ্টা কৰায়। যাৰ বাবে বিএছএফে গুলিচালনা কৰিবলগা হয়।

গুলীচালনাত এজন আহত হয়। বিএছএফে আহত সৰবৰাহকাৰীজনক বচাবলৈ চেষ্টা কৰে যদিও পিছত মৃত্যু ঘটে।