সিদ্ধু মুছেৱালাৰ হত্যাৰ ষড়যন্ত্ৰকাৰী গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সহযোগী শচীনক অনা হল ভাৰতলৈ

122

মঙলবাৰে আজাৰবাইজানৰ পৰা দিল্লীলৈ অনা হয় কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সহযোগী গেংষ্টাৰ শচীন থাপনক। পাঞ্জাবী গায়ক সিধু মূছেৱালা হত্যাকাণ্ডৰ গোচৰত তেওঁক বিচাৰি আছিল আৰক্ষীয়ে। তেওঁ ডুবাইৰ পৰা মুছেৱালা হত্যাৰ পৰিকল্পনা কৰিছিল আৰু তেওঁক বাকুৰ পৰা আটক কৰি ৰখা হৈছিল। দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁক ভাৰতলৈ লৈ আহে।

চলিত মাহত আজাৰবাইজানত বন্দী হৈ আছিল শচীন। শচীনে মূছেৱালা হত্যাৰ পৰিকল্পনা কৰি ভুৱা পাছপ’ৰ্ট লৈ আজাৰবাইজানলৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। NIA য়ে মুছেৱালা হত্যাকাণ্ডৰ তদন্ত চলাই আছে। এই পৰ্যন্ত NIA য়ে এই গোচৰত ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

শচীনৰ পূৰ্বে ২৬ জুলাইত লৰেন্স বিষ্ণৈৰ আন এজন সহায়ক বিক্ৰম ব্ৰাৰক ইউ এ ইৰ পৰা ভাৰতলৈ অনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল। সিদ্ধু মূছেৱালা হত্যাকাণ্ডৰ অভিযুক্তৰ ভিতৰত বিক্ৰম ব্ৰাৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও টাৰ্গেট কিলিং আৰু ধন দাবীকে ধৰি ১১টা গোচৰতো তেওঁক বিচাৰি থকা হৈছে। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু দিল্লী আৰক্ষীৰ আবেদনত তেওঁৰ বিৰুদ্ধে ১১টা লুক আউট জাননী জাৰি কৰা হৈছিল। ২০২০ চনৰ পৰাই পলাতক হৈ আছিল ব্ৰাৰ।