সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি ৰঙাঘৰৰ আলহী হল কংগ্ৰেছ নেত্ৰী

76

সমৰ দেৱনাথ হোজাইঃ ছ’চিয়েল মিডিয়াত হিন্দু ধৰ্ম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিৰুদ্ধে বিতৰ্কিত পোষ্ট কৰি ৰঙাঘৰৰ আলহী হব লগা হল অসমৰ এগৰাকী কংগ্ৰেছ নেত্ৰী। কুসুম নন্দী নামৰ হোজাই জিলা যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

তাৰ পিছতে কংগ্ৰেছ নেত্ৰীগৰাকীৰ বিৰুদ্ধে হোজাই জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে হোজাই থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতেই আজি হোজাই আৰক্ষীয়ে আটক কৰে কুসুম নন্দীক। ইফালে ছ’চিয়েল মিডিয়াত কৰা বিতৰ্কিত মন্তব্যৰ পিছত হোজাই জিলা কংগ্ৰেছে সভানেত্ৰীগৰাকীক নিলম্বন কৰিছে।