সাতপুখুৰীত জানুৱাৰীত সংস্হাপন কৰা চাৰিটা পানীৰ পাম্প বিকল

69

ষ্টাফ ৰিপৰ্টাৰ : গুৱাহাটী মহানগৰীত খোৱা পানীৰ সমস্যা নতুন কথা নহয় ৷ এটুপি খোৱাপানীৰ বাবে মহানগৰীৰ বিভিন্ন অঞ্চলৰ ৰাইজে হাহাকাৰ কৰিব লগীয়া হয় ৷ বিশেষকৈ চানমাৰি – শিলপুখুৰী অঞ্চলৰ বিস্তীৰ্ণ এলেকাত সাতপুখুৰী পানী কলৰ পৰা পানী যোগান ধৰা হয় ৷ বিভিন্ন সময়ত নিয়মীত পানী নোপোৱাৰ বাবে স্থানীয় ৰাইজে বাৰাম্বাৰ গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষক অভিযোগ দি আহিছে৷ ইয়াৰ বাবেই পৌৰ নিগমৰ তৰফৰ পৰা ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত ৪.৪৩ কৌটি টকা ব্যয় কৰি দহটাকৈ মেচিন ক্ৰয় কৰে৷ ইয়াৰে চাৰিটা মেচিন সাতপুখুৰী পানী কলত সংস্থা পন কৰে ’ৰাইজৰ সুবিধাৰ বাবে ৷ সেই সময়ছোৱাত অধীক্ষক অভিযন্তা মনোৰঞ্জন ভৰালী আৰু সহ অভিযন্তা হেমন্ত কলিতাই বৃহৎ অঞ্চলত পানী নিয়মীয়াকৈ পাব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ৷৷ চলিত জানুৱাৰী মাহত সংস্থাপন কৰা পাম্প সমুহ ছয় মাহ নহোতেই বিকল হ’ল ৷যাৰ বাবে অঞ্চলবাসী ৰাইজে নিয়মীত ভাবে পানী পোৱাৰ পৰা বঞ্চিত হৈছে ৷ ইয়াতে ক্ষুব্ধ হৈ প্ৰাক্তন এৰিয়া সভাৰ সদস্য দিলিপ বড়োৰ নেতৃত্বত স্থানীয় ৰাইজে শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু স্থানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক পৃথকে পৃথকে দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰত উল্লেখ কৰা অনুযায়ী মাত্ৰ পাছ মাহ নহোতেই একেলগে কিয় ছাৰিটাকৈ পাম্প বিকল হল ৷এই ক্ষেত্ৰত এক উচ্চস্তৰীয় তদন্ত বিচাৰিছে ৰাইজে ৷ইয়াৰ বাবে মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু পৌৰ নিগমৰ আয়ুক্তক বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনায় প্ৰতিনিধি দলটোৱে । এই ক্ষেত্ৰত প্ৰাক্তন এৰিয়া সভাৰ সদস্য দিলিপ বড়োৱে সংবাদ মাধ্যমক জনোৱা মতে জানুৱাৰী মাহত গুৱাহাটী পৌৰ নিগমে বৃহৎ ধন ব্যায় কৰি চাৰিটাকৈ মেচিন ক্ৰয় কৰে ৷ মেচিন সমুহ ক্ৰয় কৰাৰ আগতে অভিযন্তাৰ দ্বাৰ উপযুক্ত ভাবে পৰীক্ষা কৰিব লাগে ৷ সেই সময়ত মেচিন সমুহ ক্ৰয় কৰাৰ ক্ষেত্ৰত পৰীক্ষাৰ ক্ষেত্ৰত কিছু অবহেলিত কৰা আমাৰ অনুভৱ হয় ৷।যাৰ বাবে অতি কম সময়ৰ ভিতৰতে চাৰিটাকৈ মিছিন বিকল হয় ৷ নিয়ম অনুযায়ী মেচিন সমুহৰ এবছৰলৈ ৱাৰেন্টী থাকে ৷ কিন্তু এবছৰ পাৰ নহোতেই মেছিন কেইটা বিকল হোৱা বাবে অন্য মেকানিকে মেৰামতি কৰিব নোৱাৰে ৷ সেইবাবেই কোম্পানীৰ মেকানিক আহিব লাগিব বুলি পৌৰনিগমৰ কৰ্তৃপক্ষই জনায় ৷এই মিছিন কেইটা ক্ৰয় কৰাৰ ক্ষেত্ৰত উপযুক্ত পৰীক্ষা নকৰাটো অতি আচৰ্য্য বিষয় ৷ ইয়াৰ বাবে স্থানীয় ৰাইজৰ সহযোগত আয়ুক্ত আৰু বিভাগীয় মন্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰোঁ৷ অতি ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি গাফিলতি কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনায় বুলি দিলিপ বড়োৱে উল্লেখ কৰে ৷৷ উল্লেখযোগ্য এই ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত গৰাকীয়ে তাৎক্ষণিক ভাবে পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত সিদ্ধাৰ্থ গোস্বামীক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তদন্ত প্ৰক্ৰিয়াত অতিৰিক্ত আয়ুক্ত গৰাকীয়ে স্থানীয় প্ৰাক্তন পাৰিষদ’ এৰিয়া সভাৰ সদস্যক লগত লৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াব বুলি দিলিপ বড়োৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷৷