সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি

260

ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

ইয়াৰ পূৰ্বে এই পদৰ দায়িত্বত আছিল নৱনিযুক্ত কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

উল্লেখ কৰিব পাৰি যে পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান ৰাজ্যসভাৰ সাংসদ। ৩১ মাৰ্চত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁ ৪৬টা ভোটত জয়ী হৈছিল।

মাৰ্ঘেৰিটাই ২০১৪ চনৰ পৰা অসম বিজেপিৰ মুখপাত্ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ছ’চিয়েল মিডিয়া চেল, অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ (উত্তৰ) জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৭ চনৰ পৰা ২০২১ চনলৈ গুৱাহাটীত অৱস্থিত চলচ্চিত্ৰ ষ্টুডিঅ’ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।