ষ্টাফৰিপোৰ্টাৰ, ২২ মে’ : কৰ’না ভাইৰাছৰ সংকটময় পৰিবেশত সাংবাদিক- সংবাদকৰ্মী সকলে নিজ জীৱনক তুচ্ছ কৰি তথা পৰিয়ালৰ ভৱিষ্যত অনিশ্চিত বুলি জানিও নিজ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱৰ
সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতি যোগে কয় “এই মহামাৰীৰ সময়ত বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে অসমৰ সংবাদ মাধ্যমটো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। সেয়ে এই সময়ত সংবাদ প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষক সহযোগ কৰাটো প্ৰতিগৰাকী সাংবাদিক- সংবাদ কৰ্মীৰ কৰ্তব্য। একেদৰেই কৰ’না বিৰোধী যুদ্ধৰ সন্মুখৰ সেনানি হিচাপে সেৱা আগবঢ়োৱা সাংবাদিক- সংবাদ কৰ্মী সকলৰ চাকৰি তথা ভৱিষ্যত সুনিশ্চিত কৰাটোও সংবাদ প্ৰতিষ্ঠান কৰ্তৃপক্ষসমূহৰো দায়িত্ব আৰু কৰ্তব্য। সেয়ে ৰাজ্যৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠান কৰ্তৃপক্ষই এই জটিল সময়ত কৰ্তব্যৰত সাংবাদিক- সংবাদ কৰ্মী সকলৰ পক্ষত থাকি সাংবাদিক- সংবাদ কৰ্মী সকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ আহ্বান জনালোঁ।”