অভিষেক বৰুৱা, বটদ্ৰৱাঃ প্ৰতিখন ৰাজ্যতে প্ৰতি ৫ বছৰৰ মূৰে মূৰে একোখন চৰকাৰ আহে আৰু যায়। চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ হিতৰ কাৰণে যুগুত কৰা আঁচনি সমূহ ৰূপায়ণো হয় ঠিকেই। কিন্তু এই আঁচনি সঠিকভাৱে ভোগ কৰে কেইজন সাধাৰণ হিতাধিকাৰীয়ে, এয়া এক ডাঙৰ প্ৰশ্ন? চৰকাৰী তথা ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এচাম মধ্যভোগীয়ে প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰি আজি স্বাধীনতাৰ ৭৪ বছৰে দেশত কৰি আহিছে লুণ্ঠন আৰু বঞ্চনা। এচাম দিনক দিনে ওপৰলৈ গৈছে আৰু দুখীয়া গৰীব একাংশ দিনক দিনে দুখীয়া হৈ গৈ আছে। তাৰেই জলন্ত প্ৰমাণ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ বাসিন্দা দুই সহোদৰ ভাতৃ খগেন হীৰা আৰু ভোগেশ্বৰ হীৰা।
ইতিমধ্যেই দুয়ো ভাতৃৰ জীৱন নিৰ্বাহ তথা সংগ্ৰামৰ বিষয়ে আমাৰ প্ৰচাৰ মাধ্যমৰ যোগে সবিস্তাৰে প্ৰচাৰ হৈছে। এই দুই ভাতৃৰ যমৰ যাতনা সদৃশ জীৱনৰ বিষয়ে অৱগত হোৱাৰ পিছতে নগাঁও জিলাৰ জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক তথা জেষ্ঠ সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে নিজা প্ৰচেষ্টাৰে এগৰাকী হৃদয়ৱান শিক্ষাগুৰু মুকুন্দ শইকীয়াৰ সহযোগত দুই দৰিদ্ৰ ভাতৃক সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়ায়। সাংবাদিক বৰদলৈৰ আৰু সহৃদয় শিক্ষক শইকীয়াই নিজৰ গাঁঠিৰ ধনেৰে এখন কাঠৰ পালেং, তুলি, বিচনা কাপোৰ, গাৰু, পিন্ধিবলৈ পেন্ট, কামিজ, গেঞ্জি, কিছু খাদ্য সামগ্ৰী দেওবাৰে ঘৰতে গৈ যোগান ধৰে।
উল্লেখ্য যে সংবাদ মাধ্যমৰ বাতৰি প্ৰচাৰৰ পাছতে আজি বটদ্ৰৱাৰ নৱ নিৰ্বাচিত বিধায়িকা গৰাকীও খগেন আৰু ভোগেশ্বৰৰ গৃহত উপস্থিত হয়। বিধায়িকা শিৱামনি বৰা উপস্থিত হৈ বৰ্তমানেও এনে পৰিবেশত মানুহ থকাটো অতি দুখৰ বিষয় বুলি মন্তব্য কৰে আৰু দুয়োৰে দুখৰ সমভাগী হৈ দুখ প্ৰকাশ কৰে। বিধায়িকা বৰাই অতিশীঘ্ৰে তেওঁলোকক অন্ন, বস্ত্র আৰু বাসস্থানৰ পৰ্যাপ্ত ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিয়ে আৰু বৰ্তমান কোভিড মহামাৰীৰ দুৰ্যোগৰ দিনত কেইদিনমান চলিব পৰাকৈ কিছু খাদ্য সামগ্ৰী, কিছু নগদ ধন আগবঢ়ায়। দুয়ো অভাৱগ্ৰস্ত ভাতৃয়ে এনে বিপদৰ পৰা সামান্য উদ্ধাৰৰ মুখ দেখি আৰু জীয়াই থকাৰ নতুন আশাত দুচকুৰে আবেগৰ চকুলো পেলায়।
