সাংবাদিকক আক্ৰমণ

387

দুদিন পূৰ্বে মৰিগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পুলিন কাকতিক ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্রী আৰু তেওঁৰ স্বামীয়ে শাৰীৰিক বাবে আক্ৰমণ কৰিছিল।

মৰিগাঁৱৰ ভূৰবন্ধা গাঁও পঞ্চায়তৰ সচিবৰে মিলি পূৰ্বপৰিকল্পিত আৰু ষড়যন্ত্ৰমুলক বাবে কাৰ্যালয়লৈ মাতি নি সাংবাদিক গৰাকীক এনেদৰে শাৰীৰিক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি মৈৰাবাৰী সাংবাদিক সন্থা, আৰু বেচামাৰী প্ৰেছ ক্লাৱে যৌথ বাবে মৈৰাবাৰী বজাৰৰ মাজ- মজিয়াত এক মৌন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।।

সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক।
দোষীক শাস্তি দিয়ক।
সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক।
সাংবাদিকক আক্ৰমণ কৰা নচলিব।

হাতে হাতে আদি প্লে কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায়।