সম্পত্তিৰ বিবাদক লৈ গুলীচালনা বিধায়ক পুত্ৰৰ, ৪ জন আহত

372

বিহাৰৰ ভাগলপুৰত জেডিইউৰ বিধায়ক গোপাল মণ্ডলৰ পুত্ৰ আশীষে সম্পত্তিৰ বিবাদক লৈ গুলীচালনা কৰি চাৰিজন লোক আহত কৰাৰ অভিযোগ উত্থাপন হৈছে।

চাৰিজন ভুক্তভোগীৰ ভিতৰত অন্যতম ৰবি কুমাৰৰ পৰিয়ালে অভিযোগ কৰে যে তেওঁলোকৰ সৈতে ভূমি বিবাদত জড়িত ৰিয়েল এষ্টেট প্ৰতিষ্ঠানটোৰ সঞ্চালক গোপাল মণ্ডল।

কুমাৰৰ মূৰত গুলীৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে।