সমাজকর্মী মণিমালা দেৱীৰ মৃত্যু

99

ষ্টাফৰিপৰ্টাৰ, বিজেপিৰ প্ৰাক্তন পাৰিষদ অপুৰ্ব শৰ্মাৰ মাতৃ মণিমালা দেৱীৰ শিলপুখুৰীৰ কৰ্নাচলৰ নিজ বাসগৃহত মঙগলবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯১ বছৰ।
১৯ ২৯ চনত জন্মগ্ৰহণ কৰা মনিমালা দেৱীয়ে বিগত কেইবামাহ ধৰি বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ আছিল ৷ ২৮ জুলাইৰ সন্ধিয়া ৬ বজাত মনিমালা দেৱীৰ মৃত্যুৰ খৱৰটো বিয়পি পৰাৰ পাছত অনেক গুনমুগ্ধই আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ শিলপুখুৰী কৰ্নাচল অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল
মণিমালা দেৱী ৷ বুধবাৰে পুৱাৰ ভাগত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁ মৃত্যুৰ সময়ত তিনি গৰাকী পুত্ৰ সন্তান চাৰি গৰাকী কন্যা সন্তানৰ লগতে কেইবাগৰাকী নাটি – নাতিনীক এৰি যায় ৷ তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে।