সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে সৰ্থেবাৰীত প্ৰতিবাদ

326

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে সৰ্থেবাৰীত প্ৰতিবাদ ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছৰ পৰা খচৰাখনৰ বিৰোধিতা কৰি বিভিন্ন ঠাইত প্ৰতিবাদ চলি আছে। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধান সভা সমষ্টি বিলুপ্তিকৰণ কৰাৰ বিৰোধিতাৰে সৰুক্ষেত্ৰী সমষ্টিতো প্ৰতিবাদৰ জোৱাৰ উঠিছে। শুকুৰবাৰে সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিয়াই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন বাতিল কৰাৰ দাবী উত্থাপন কৰে। প্ৰথমতে বনিয়াকুছি বজাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। তাৰ পাছতেই এক প্ৰতিবাদী সমদল উলিওৱা হয়। সৰুক্ষেত্ৰী সমষ্টি বাহাল ৰাখক, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰক, সৰুক্ষেত্ৰী সমষ্টি বিলুপ্তিকৰণ মানি লোৱা নহ’ব, সৰুক্ষেত্ৰী সমষ্টি জিন্দাবাদ, নিৰ্বাচন আয়োগ হায় হায় আদি শ্লোগানেৰে সৰ্থেবাৰীৰ আকাশ- বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদী সমদলটো সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হৈ সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনৰ জৰিয়তে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সমষ্টি পুনৰ গঠনৰ চূড়ান্ত প্ৰস্তাৱত ৪৬ নং সৰুক্ষেত্ৰী বিধান সভা সমষ্টিটো বাহাল ৰখাৰ দাবীৰে এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিয়ে। উল্লেখ্য যে ঊনৈশ শতিকাতে বৃটিছৰ বিৰুদ্ধে ৰাইজমেল পাতি সমগ্ৰ ভাৰততে পৰিচিত লাভ কৰা সৰুক্ষেত্ৰী অঞ্চলক কেন্দ্ৰ কৰি স্বাধীন ভাৰতৰ চৰকাৰে তাহানিতে গঠন কৰা সৰুক্ষেত্ৰী সমষ্টিটো সদ্য প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকাত নিৰ্বাচন আয়োগে অন্যায়ভাবে বিলুপ্তিকৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী ৰাইজে। ইতিহাস প্ৰসিদ্ধ সমষ্টিটোৰ মৌলিক গাঁঠনি গাঁও, গাঁও পঞ্চায়ত, মৌজা, উন্নয়ন খণ্ড আৰু ৰাজহ চক্ৰ আদি খণ্ড বিখণ্ড কৰি বৰক্ষেত্ৰী, চেঙা, বৰপেটা, ভৱানীপুৰ, ৰূপসী আৰু বজালী ছয়টাকৈ অন্য সমষ্টিত অন্তভুৰ্ক্ত কৰা প্ৰস্তাৱক সমষ্টিবাসীয়ে যুক্তি সংগতভাবে মানি ল’ব পৰা নাই বুলিও সৰুক্ষেত্ৰী সমষ্টি সুৰক্ষা সমিতিয়ে স্মাৰক পত্ৰৰ জৰিয়তে উল্লেখ কৰে।