সবৰীমালা মন্দিৰত প্ৰচণ্ড ভিৰ! ঢলি পৰি মৃত্যু ১১ বছৰীয়া কিশোৰীৰ

223

সবৰীমালা মন্দিৰত ভক্তৰ প্ৰচণ্ড ঠেলা হেচাত মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে। শুকুৰবাৰে নিশাৰ পৰাই কেৰালাৰ এই মন্দিৰত বৃহৎ সংখ্যক লোকৰ সমাগম হ’বলৈ আৰম্ভ কৰে। কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো পৰ্যাপ্ত ব্যৱস্থা নাছিল। স্বাভাৱিকতে হুলস্থুল আৰম্ভ হয়। যাৰ বাবে এঘাৰ বছৰীয়া ছোৱালীজনী শাৰীত থিয় হৈ অসুস্থ হৈ পৰে। শনিবাৰে নিশা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে, মৃত কিশোৰীগৰাকী তামিলনাডুৰ চেলেমৰ বাসিন্দা। তিনি বছৰ বয়সৰ পৰাই তেওঁ হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল। শনিবাৰে নিশালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰক্ষী আৰু দেৱস্বম ব’ৰ্ড কৰ্তৃপক্ষই। যাৰ বাবে তীৰ্থযাত্ৰীসকলে বহু সময় (১৮ ঘণ্টালৈকে) শাৰী পাতি থিয় হ’বলগীয়া হয়। ফলত অধৈৰ্য্যতাৰ বাবে বহু লোকে ঠেলি ঠেলি লাইন ভাঙিবলৈ চেষ্টা কৰে। কোনো কোনোৱে বেৰিকেড ভাঙি চিৰিৰে জপিয়াই সবৰীমালা মন্দিৰলৈ যায়। চৰম বিশৃংখলতাৰ সৃষ্টি হয়। যাৰ বাবেই সংঘটিত হ’ল এই কৰুণ ঘটনা।

সেই নিশা দেৱস্বামী মন্ত্ৰী কে ৰাধাকৃষ্ণনে ত্ৰিবাংকুৰ দেৱস্বামী ব’ৰ্ডৰ সভাপতি পি এছ প্ৰশান্তৰ সৈতে বৈঠকত মিলিত হয়। দৈনিক ভাৰ্চুৱেল লাইন বুকিংৰ সংখ্যা ৯০ হাজাৰৰ পৰা ৮০ হাজাৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। বহুতে অনুভৱ কৰে যে বন্ধৰ বতৰ আৰু কৰ্তব্যৰত অনভিজ্ঞ আৰক্ষী জোৱানৰ বাবে মন্দিৰত অতিমাত্ৰা ভিৰ আৰু বিশৃংখলতাৰ সৃষ্টি হৈছে।