ডিজিটেল ডেস্কঃ ‘খুৰা-ভতিজা জিন্দাবাদ!’ – এনে শ্লোগানেৰে এতিয়া মুখৰ হৈছে সমাজবাদী পাৰ্টিৰ কাৰ্যালয়। পুৰণি তিক্ততা পাহৰি নিৰ্বাচনৰ পূৰ্বে পুনৰ একত্ৰিত হল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু খুৰাক শিৱপাল যাদৱ। অখিলেশ যাদৱে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ শিৱপাল যাদৱৰ দল ‘প্ৰগতিশীল সমাজবাদী পাৰ্টি’ৰ সৈতে মিত্ৰতা গঢ়ি তোলে। বৃহস্পতিবাৰে মিত্ৰতাৰ কথা ঘোষণা কৰি অখিলেশ যাদৱে টুইট কৰে।
খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে প্ৰগতিশীল সমাজবাদী পাৰ্টিৰ সভাপতি শিৱপাল যাদৱৰ ঘৰলৈ যায় আৰু তেওঁৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয়। সেই বৈঠকৰ সময়তে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰগতিশীল সমাজবাদী পাৰ্টিৰ সৈতে এছপিৰ মিত্ৰতাৰ সিদ্ধান্ত লোৱা হয়।
বৈঠকৰ পিছত শিৱপাল যাদৱৰ সৈতে মিত্ৰতা ঘোষণা কৰি অখিলেশ যাদৱে টুইটাৰত লিখিছে, “প্ৰগতিশীল সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে বৈঠক। সেই সভাতে মিত্ৰতা গঠনৰ সিদ্ধান্ত লোৱা হয়। আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰাৰ এই নীতিয়ে এছপি (সমাজবাদী পাৰ্টি)ক শক্তিশালী কৰিব আৰু এই দলটোৰ নেতৃত্বত অন্যান্য মিত্ৰজোঁটক এক ঐতিহাসিক বিজয়ৰ দিশে লৈ যাব। মিত্ৰতা ঘোষণাৰ পিছত, শিৱপাল যাদৱৰ ঘৰৰ বাহিৰত দুয়োটা দলৰ শ শ কৰ্মীয়েও ‘চাচা-ভাটিজা’ জিন্দাবাদ নামৰ শ্ল’গান দিয়ে।
২০১৭ চনত খুৰা আৰু ভতিজাৰ মাজত আৰম্ভ হৈছিল প্ৰথম বিসম্বাদ। শিৱপাল যাদৱে ২০১৮ চনত এছপিৰ পৰা ওলাই যায় আৰু ‘প্ৰগতিশীল সমাজবাদী পাৰ্টি’ নামৰ এটা নতুন দল গঠন কৰে। কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ দুই মহাৰথী একেলগ হোৱাত স্বাভাৱিকতে নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব।
যোৱা মাহত এছপিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ জন্মদিনৰ অনুষ্ঠানত শিৱপাল যাদৱৰ সৈতে মিত্ৰতাৰ ইংগিত দিছিল অখিলেশে। তেওঁ কয়, “আমি ৰাজ্যখনৰ আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা গঢ়িম আৰু ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ সৰু ৰাজনৈতিক দলসমূহৰ সৈতে একেলগে কাম কৰিম।’
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰগতিশীল সমাজবাদী পাৰ্টিৰ উপৰিও সমাজবাদী দলে ইতিমধ্যে ওম প্ৰকাশ ৰাজভৰৰ ‘সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টি’ আৰু জয়ন্ত চৌধুৰীৰ ৰাষ্ট্ৰীয় লোক দল (আৰএলডি)ৰ সৈতে মিত্ৰতা গঢ়ি তুলিছে।
উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই অৱশ্যে দাবী কৰে যে বিভিন্ন দলৰ সৈতে সমাজবাদী পাৰ্টিৰ মিত্ৰতা গঠনে আগন্তুক নিৰ্বাচনত বিজেপিৰ ফলাফলক প্ৰভাৱিত নকৰিব। অখিলেশ-শিৱপাল বৈঠকক সমালোচনা কৰি তেওঁ কয়, “২০২২ চনতো বিজেপিয়ে ৩০০ খনতকৈ অধিক আসন লাভ কৰি সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। খুৰা-ভতিজা বা বুৱা-ভতিজা বা এছপি-কংগ্ৰেছ বা সকলোৰে যিমানেই সভা নহওঁক কিয়, কেৱল পদুম হে ফুলিব। ‘
