সন্ধিয়ালৈ বিজেপিয়ে প্ৰকাশ কৰিব পাৰে ১৯ খন আসনৰ প্ৰাৰ্থীৰ নাম…

82

আজি সন্ধিয়ালৈ বিজেপিয়ে প্ৰকাশ কৰিব পাৰে ১৯ খন আসনৰ প্ৰাৰ্থীৰ নাম। ২ মে’ত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়নৰ নিৰ্বাচনৰ বাবে ১৯টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা আজি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে বিজেপিয়ে। উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰ ৯২ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে মিত্ৰ দল অগপই ২৬ খন আৰু ইউপিপিএলে ৮ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

বিজেপিয়ে ইতিমধ্যে ৭৩ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। প্ৰথম দুটা পৰ্যায়ত বিজেপি প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত এইবাৰ নাম নাই কেইবাজনো বৰ্তমানৰ বিধায়কৰ। যাক লৈ বিজেপিৰ ভিতৰচৰাত বিসম্বাদৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।

সেয়ে বিজেপিয়ে বাকী থকা ১৯ খন আসনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে কালিৰে পৰা দিল্লীত বাহৰ পাতিছে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াও উপস্থিত আছে দিল্লীত। আজি পুৱাৰ ভাগত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ মতিলাল নেহৰু মাৰ্গস্থিত বাসগৃহত এখন বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দ। এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ অসম প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতা-মন্ত্ৰী। আনহাতে বিয়লিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব লগীয়া বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকৰ পিছতে ঘোষণা হ’ব পাৰে অসমৰ ১৯খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা।