সন্ধানহীন হৈ থকা ব্যৱসায়ী সন্দীপ জালানৰ সন্ধান লাভ

70

মহানগৰীৰ পৰা সন্ধানহীন হোৱা ব্যৱসায়ী সন্দীপ জালানৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ বাৰানসীৰ এটা মন্দিৰত ব্যৱসায়ীজনে আশ্ৰয় লৈ থকাৰ বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে সন্দীপ জালানক বিচাৰি অসমৰ পৰা কলকতালৈ ৰাওনা হৈছে পল্টনবজাৰ আৰক্ষীৰ এটা দল।

উল্লেখ্য যে, মঙলবাৰে সান্ধ্য ভ্ৰমণলৈ ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈছিল মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান শ্বহাম শ্বপ’ৰ স্বত্বাধিকাৰী সন্দীপ জালান। সন্দীপ জালানৰ মোবাইল ট্ৰেকৰ শেষ অৱস্থিতি ছয়গাঁৱত ধৰা পৰিছিল। কিন্তু ব্যৱসায়ীজন কিদৰে বাৰাণসীত উপস্থিত হ’ল সেয়া এতিয়াও ৰহস্য হৈয়ে আছে। এয়া অপহৰণ নে আত্মগোপন সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।